নিলগৰ গান

তোমাৰ চকুৰ পতাই কঢিয়ায়

সমুদ্ৰ-গৰ্ভস্থ  এক বিষাদ

নে পাগলাদিয়াৰ ওপৰৰ স্থিৰ সেমেকা বতাহজাক

ৰ পৰা নামে এই চিনাকি অচিনাকি ৰাষ্টাটো

মোৰ বুকুলৈ

পলকত দেখো সত্ত্বা বিয়পি পৰা এটি পোহৰ

আৰু বহু হাহাকাৰ

মই পাগলদিয়া পাৰ হওঁ

নেদেখা পাগলদিয়া

পাগলদিয়াৰ কহুৱনিত

মোৰ চিৰ-পৰিচিত, হেৰুৱাই পোৱা হুমুনিয়াহবোৰে

জিৰণি লয়

আমাৰ মাজত থিয় দিয়ে নিলগৰ সুগন্ধই

বুকুৱেদি উজাই যায় আন এখন পাগলদিয়া

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: