আমি ক’ত আছিলোঁ
থকা নথকাৰ নীৰৱ সন্মোহনত
আমি নাছিলোঁ
ক্ৰমে উজ্বল হৈ উঠা
আকাশৰ প্ৰথম তৰাটো
মই দেখিলো
ধুই দিয়া সাজযোৰ
সামৰাৰ দৰে
বিয়লিপৰত
আমাকো সামৰি আনি
সযতনে
দিনটো নৈ খনৰ বুকুত
সোমাই পৰা দেখিলো
কাক উচৰ্গা কৰিছিলোঁ
কালৈ বা উত্সৰ্গিত হৈছিলোঁ
অন্তহীন সৃষ্টিৰ শ্বাশ্বত গৰ্ভজাত
আৰু এটা দিনলে
বিদায় জনাইছিলোঁ
এক সুদূৰৰ আলিঙ্গনেৰে
চৰাইবোৰে তেতিয়াওঁ
আদৰণি জনায়ে আছিল