সপোনত চৰি ফুৰা সাৰংগজাক
উদ্ধাস্তু হ’ল 
ভাওঁনা আৰম্ভ নহওঁতেই 
হাতত সাৰে ভৰিত সাৰে
সূত্ৰধাৰে 
কাণৰ কাষত দি গ’ল
বোধন মন্ত্ৰ

তাৰ পিছত

কোমল ৰ’দজাকে ক’লে
সন্ধিয়াৰ বন্তিগছিয়ে ক’লে
মূক কবিৰ ক্ৰন্দনেও ক’লে
এনুৱা সোঁতত নৈয়েও মূৰে-ভৰি কাঢ়ে

বুকুত পাখী গজিলে হেনো
বান আহে 
কিমানৰ বুকুতে যে পাখী গজে
নাৱৰীয়াৰ তলি উদং
নাৱে কৰে তুলুং-ভুটুং

পৰ্বতৰ মূলত লীন যায়
অঞ্জলিৰ ফুলৰ পাহি
শৃংগৰ পৰা শিপায় 
অনুনয়

পাখীৰ ঠাইত গজিল কুঁহি
গছেও ক’লে 
বুকুত পাখী গজিলে হেনো 
বান আহে