আমি ক’ত আছিলোঁ থকা নথকাৰ নীৰৱ সন্মোহনত আমি নাছিলোঁ ক্ৰমে উজ্বল হৈ উঠা আকাশৰ প্ৰথম তৰাটো মই দেখিলো ধুই দিয়া সাজযোৰ সামৰাৰ দৰে বিয়লিপৰত আমাকো সামৰি আনি সযতনে দিনটো নৈ খনৰ বুকুত সোমাই পৰা দেখিলো কাক উচৰ্গা কৰিছিলোঁ কালৈ বা উত্সৰ্গিত হৈছিলোঁ অন্তহীন সৃষ্টিৰ শ্বাশ্বত গৰ্ভজাত আৰু এটা দিনলে বিদায় জনাইছিলোঁ এক সুদূৰৰ…
Category: Assamese
নিলগৰ গান
তোমাৰ চকুৰ পতাই কঢিয়ায় সমুদ্ৰ-গৰ্ভস্থ এক বিষাদ নে পাগলাদিয়াৰ ওপৰৰ স্থিৰ সেমেকা বতাহজাক য’ৰ পৰা নামে এই চিনাকি অচিনাকি ৰাষ্টাটো মোৰ বুকুলৈ পলকত দেখো সত্ত্বা বিয়পি পৰা এটি পোহৰ আৰু বহু হাহাকাৰ মই পাগলদিয়া পাৰ হ’ওঁ নেদেখা পাগলদিয়া পাগলদিয়াৰ কহুৱনিত মোৰ চিৰ-পৰিচিত, হেৰুৱাই পোৱা হুমুনিয়াহবোৰে জিৰণি লয় আমাৰ মাজত থিয় দিয়ে নিলগৰ সুগন্ধই বুকুৱেদি উজাই…